মুখ্য পৃষ্ঠা
13/09/25United States18:28

তোমাৰ বিয়াৰ দিনা

তোমাৰ প্ৰেম নাটকৰ শেষ দৃশ্যাংশত
মোৰ চিতাৰ লেলিহান জুই জ্বলিব |
নাম থবা তোমাৰ বিয়াৰ হোমাগ্নি |
মোৰ অপমৃত্যু...
আয়ে হিয়া উজাৰি কান্দিব ,
আৰু তোমাৰ বিয়াৰ ৰভাতলিত
আয়তীৰ মংগল ওৰুলীয়ে আকাশ কঁপাব |
নুশুনিবা তুমি মোৰ আইৰ কাতৰ
আৰ্তনাদ
নুশুনিবা কেঁচা বাঁহৰ শব্দ |
পোৰা মঙহৰ গোন্ধ বিয়পি পৰিব পাৰে
খোপাত গুজি লবা এপাহ সুগন্ধি ফুল |
ওৰণী খন দীঘলকৈ লবা ,
পদুলিলৈ চকু নিদিবা |
হয়তো দেখা পাবা ,
মোৰ মৃত দেহৰ শ্মশান যাত্ৰা |
হোমৰ জুইক সাক্ষী কৰি ,
অচিনাকি জনক বৰমালা পিন্ধাবা |
আৰু মোৰ মৃত দেহত আয়ে পিন্ধাই দিব
এখনি উকা কাপোৰ |
তুমি পবিত্ৰ হ'বা ,
আৰু মই...
মই আত্মহত্যা কৰি মহাপাপি হম |
হৃদয় হীন হৈ জিয়াব নোৱাৰো ,
হৃদয় খন তোমাকেই অৰ্পন কৰিলো |
কালৰ কুটিল গতিত পাহৰি যাবা ,
পাহৰনিৰ গৰ্ভত মৰম বোৰ হেৰুৱাই
দিবা ,
তুমি সুখী হোৱা |
তোমাৰ বিয়াত মোৰ
উপস্থিতি কামনা নকৰিবা ,
বন্ধু-বান্ধৱক মোৰ বতৰা নুসুধিবা ,
মোৰ এই সৰ্বহাৰা দুৰ্ভগীয়া জীৱন
তোমাৰ বিয়াৰ উপহাৰ হিচাপে পাবা |

© ৰাজু কলিতা

23/07/14



Polly po-cket